You are currently viewing Blog by Dr. Sadiq Hussain

Blog by Dr. Sadiq Hussain

আজি অসম কৃষি মহাবিদ্যালয়ৰ প্রতিষ্ঠা দিৱস। যোৰহাট নগৰৰপৰা কিছু নিলগৰ বৰভেটা চাপৰিত সেনা বাহিনীৰ এটা পৰিত্যক্ত বেৰেকত ৭৪ বছৰৰ পূর্বে অর্থাৎ ১৯৪৮ চনৰ ১৬ আগষ্টৰ দিনটোতে অসম কৃষি মহাবিদ্যালয় স্থাপন কৰা হৈছিল। মাত্র ত্রিশজন ছাত্রৰে প্রথম বার্ষিকৰ পাঠদানৰ আৰম্ভ হোৱা মহাবিদ্যালয়খনত বর্তমান শিক্ষা গ্রহণৰ বাবে আগ্রহ কৰাৰ সংখ্যা হাজাৰৰ ঘৰত। এনে এক উত্তৰণৰ কাৰণ একাধিক। কিন্তু যি যুক্তিৰে আঁকোৰ-গোঁজ ইংৰাজ বিষয়াক পতিয়ন নিয়াই এই মহাবিদ্যালখনৰ জন্ম হৈছিল তাৰপৰা আমি বহু দূৰৈত ৰৈ গলো। অসমৰ বর্তমান পৰিস্থিতিলৈ লক্ষ্য কৰি সেই যুক্তি কিমান তাৎপর্য্যপূর্ণ আছিল সেই বিষয়ে ভাবি দুখ অনুভৱ কৰিছো।
চন ১৯৪৫। দেশ স্বাধীন হোৱাৰ প্রায় দুবছৰৰ আগৰ কথা। কোনোবা এটা সন্ধিয়া কার্যবাহী অভিযন্তা ৰাজমোহন নাথ ডাঙৰীয়াৰ যোৰহাট নগৰত থকা বাসভৱনত আয়োজন কৰা এক প্রীতি চাহ-মেলত উপস্থিত থকা ইংৰাজ বিষয়া মিঃ মিল মহোদয়ে বিভিন্ন কথাৰ মাজতে অসমত এখন কৃষি মহাবিদ্যালয় স্থাপন কৰাৰ বিষয়ে কয়। চাহ-মেলত উপস্থিত থকা কামিনী কুমাৰ দে, কুলধৰ চলিহাদেৱ আৰু গুঞ্জন বৰুৱাদেৱে কথাটোৰ গুৰুত্ব উপলব্ধ কৰি পলম নকৰি স্থানীয় চাহখেতিয়ক শ্রীযুত শশী বৰুৱাদেৱক এই বিষয়ে অৱগত কৰে। বৰুৱাদেৱ কথাষাৰত নথৈ আনন্দিত হৈ এই মহৎ কামৰ বাবে চল্লিশ হাজাৰ টকা দিয়াৰ প্রতিশ্রুতি দি চাৰিওজন ভাৰতীয়ক এই দিশত আগ বাঢ়িবলৈ উৎসাহ দিয়ে। সেই অনুযায়ী চাৰিজনীয়া সৰু গোটটোৱে এখন সভা আহ্বান কৰি এই দিশত আগবাঢ়িবলৈ কমিটী গঠন কৰে। কমিটীয়ে যাবতীয় কাগজ-পত্র প্রস্তুত কৰি চৰকাৰৰ মঞ্জুৰীৰ বাবে প্রস্তাৱ আকাৰে প্রেৰণ কৰে। সেই সময়ত চৰকাৰৰ কৃষি বিভাগটো আছিল অতি ক্ষুদ্র। ইয়াৰ সঞ্চালক আছিল মিঃ উডছ। তেখেতে কমিটীৰ প্রস্তাৱটো নাকচ কৰে এই যুক্তিত যে কৃষিৰ দৰে ক্ষুদ্র বিভাগটোৰ বাবে আৱশ্যক হোৱা মুষ্টিমেয় বিষয়া সৃষ্টিৰ বাবে লাখ টকা ব্যয় কৰি কৃষি মহাবিদ্যালয় স্থাপন কৰিবলৈ চৰকাৰ অপাৰগ। সঞ্চালকৰ উত্তৰত কমিটী সন্তুষ্ট নহয় আৰু তেখেতৰ লগত এক আলোচনা বিচাৰে। সেই মর্মে মিঃ উডছ যোৰহাটলৈ আহে। কমিটীৰ ফালৰপৰা তেখেতক জনোৱা হ’ল যে প্রস্তাৱিত মহাবিদ্যালয়ৰ স্নাতকে চৰকাৰী চাকৰি নিবিচাৰিব। তেওঁলোকে নিজৰ মাটিত খেতি কৰি মৈমনসিঙৰপৰা অহা সকলৰ অগ্রাসন ৰোধ কৰি নিজ ভৰিত ঠিয় দিব। উডছ চাহাবে যেন কথাষাৰ বুজিলে আৰু এনে এখন কৃষি মহাবিদ্যালয় স্থাপন কৰিবলৈ যথাসাধ্য চেষ্টা কৰাৰ প্রতিশ্রুতি দিয়ে।
এই সময়চোৱাতে গুৱাহাটীত এখন বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ এক আন্দোলন চলি আছিল। এই আন্দোলনৰ কার্যসূচীলৈ গোপীনাথ বৰদলৈদেৱ যোৰহাটলৈ আহে। তেখেতে কৃষি মহাবিদ্যালয় স্থাপনৰ বাবে চলি থকা কাম-কাজৰ বিষয়ে জানিব পাৰি আনন্দিত হয় আৰু জানিব দিয়ে যে গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হ’লে তাৰ অধীনতে এই মহাবিদ্যালয় গঢ় লৈ উঠিব পাৰিব। লগে লগে কৃষি মহাবিদ্যালয়ৰ বিষয়টোৱে বেলেগ এক মাত্রা পায় আৰু যোৰহাটৰ কমিটীখন বৰদলৈদেৱৰ কথাত আশ্বস্ত হৈ গুৱাহাটী বিশ্ববিদ্যালয় স্থাপনৰ কামত জড়িত হৈ পৰে।
সময়ত ১৯৪৮ চনৰ ২৬ জানুৱাৰীত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হয় আৰু তাৰ পাছতে একেটা বছৰৰ ১৬ আগষ্ট তাৰিখে যোৰহাটত অসম কৃষি মহাবিদ্যালয় স্থাপন হয়। কিন্তু যোৰহাটৰ কমিটীখনে যি যুক্তিৰ বলত উডছ চাহাবক পতিয়ন নিয়াবলৈ সক্ষম হৈছিল সেই বিষয়ে বহুতে নাজানে কিম্বা নাভাবে। এই আক্ষেপ ৰামমোহন নাথ ডাঙৰীয়াৰ, যাৰ বাসভৱনত হোৱা এক প্রীতি চাহ-মেলৰ মাজত হোৱা এক বিশেষ আলোচনাৰ বাবে বৰভেটা চাপৰিয়ে আজিৰ ৰূপ পাইছে। এদিন পলমকৈ হলেও এই মহাবিদ্যালয় অসমত স্থাপন হ’লহেঁতেন। কিন্তু যিকেইজনৰ আশাশুধীয়া প্রচেষ্টাৰ বাবে এই কাম সহজ হৈ উঠিল তেখেতসকলক আজি শ্রদ্ধাৰে সুঁৱৰিছো। লগতে সুঁৱৰিছো বৰভেটা চাপৰিৰ লগতে ৰঙাই হাবিৰ সেই সকল কৃষকক যি সকলে তেওঁলোকৰ মাটি-ভেটি আমাক দি নিৰৱে আঁতৰি গ’ল। আজি মনত পৰিছে “ৰাঙলী বুঢ়ী”ক যি সৌসিদিনালৈকে নিজৰ ভেটিটো চাবলৈ লাখুটিত ভৰদি চৌহদটোত ঘুৰি ফুৰিছিলহি।

This Post Has 3 Comments

  1. Ajay Hazarika
    Ajay Hazarika

    আপোনাক অশেষ ধন্যবাদ এনেধৰণৰ post Share কৰি আমাক এই সম্পৰ্কত জ্ঞান বুটলিবলৈ দিয়াৰ বাবে ৷ এই post টো পঢ়ি বহুত নজনা কথা জানিব পাৰিলো ৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ বিষয়ে Google ত কিছুমান তথ্য পাইছিলোঁ যদিও তাৰ পৰা আংশিক জ্ঞানহে লাভ কৰিবলৈ সক্ষম হৈছিলোঁ ৷ কিন্তু আজি আপোনাৰ এই post টো পঢ়ি বহুত বিতং ভাবে অসম কৃষি মহাবিদ্যালয়ৰ প্ৰাৰম্ভিক গঠন সম্পৰ্কে জ্ঞাত হলোঁ ৷ এই post টোৱে মোৰ লগতে আৰু বহুতকে উপকৃত কৰিব বুলি মই ভাবোঁ ৷

  2. Dristi Barman

    আজি আপোনাৰ লিখনিৰ জৰিয়তে আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ বহুখিনি নজনা কথা জানিবলৈ পাৰিলো। আপোনাক অশেষ ধন্যবাদ।

Leave a Reply to Dristi Barman Cancel reply